পাঠ - ১
আমাৰ পৰিৱেশ
পাঠ - ১
আমাৰ পৰিৱেশ
প্ৰশ্ন:১। পৰিৱেশ বুলিলে কি বুজা?
উত্তৰ:- আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোকে পৰিৱেশ বুলি কোৱা হয়।
প্ৰশ্ন:২। জীয়াই থাকিবলৈ সকলো জীৱকে কেনেকুৱা পৰিৱেশৰ প্ৰয়োজন?
উত্তৰ:- জীয়াই থাকিবলৈ সকলো জীৱকে এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। কাৰণ এইটো পৰিৱশত জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ হয়।
প্ৰশ্ন:৩। সৌৰজগতৰ কোনটো গ্ৰহত জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ হয়?
উত্তৰ:- সৌৰজগতৰ পৃথিৱীত জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ হয়?